Happy new year in assamese language

Happy new year assamese poem

পুৰণি শব্দবোৰ বাদ দিছো, নালাগে
নজ্বলাও আৰু পুৰণি কবিতাৰ ঘৰত চাকি
(সেইবোৰ একো একোটা সপোন, টোপনিতে দেখা, অপূৰ্ণ)

অনুভৱবোৰ এতিয়াও শেষ হোৱা নাই
বুকুৰ বালিচৰত তোমাৰ ছাঁ, দুকাষে
পাৰা যদি মোক অলপ নতুন শব্দ দিয়া
একেই গোন্ধ থকা, মোৰ প্ৰিয় গোন্ধ
বগাই ফুৰিম তোমাৰ মনৰ পাহাৰ কন্দৰ
মৃত্যুৰ পৰা জীৱনলৈ

তুমি তুমি গোন্ধোৱা শব্দবোৰ জোৰা দি দি
মই আকৌ অনুভৱৰ মালা গাঠিব খোজো
তোমাৰ শব্দৰে, তোমাৰ বৰ্ণৰে
তোমাৰ অনুভৱেৰে, তোমাৰ নামত
তোমাক যাপন কৰিব পৰাকৈ

* সকলো বন্ধু-বান্ধৱীকে ইংৰাজী নৱবৰ্ষৰ প্ৰীতি ও শুভেচ্ছা জনালো। অনাগত দিনবোৰ সুখৰ কামনাৰে ...

-দেৱজিৎ নাথ

January 1, 2015 at 10:00 PM ত
মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক পেজৰ পৰা